মৰমৰ তুমি,
তোমাৰ উশাহত নামিছে বাৰিষাৰ ঢল...
তুমি ‘কাজল-লতা’ বুলি মাতিলেই বৰলুইততো নামি আহে ভৰ
বাৰিষা... আকাশতো ওন্দোলি আহে শাওনী মেঘৰ টুকুৰা----
প্ৰিয়তম মোৰ...
বুকুৰ গৰাখহনীয়া আৰু খহি যাবলৈ নিদিবা
। চকুৰ কাজলবোৰে আৰু হেনো ঢাকিব নোৱাৰে.... গৰাখহনীয়াৰ দুখ !!
মোৰ পদূলিত ফুলিবা নেকি তুমি সোণাৰুৰ
এচমকা হালধীয়া লৈ !! সোণাৰুৰ ফুল ভাল পাওঁ বুলিয়েই মোৰ বাবে তুমি পিন্ধিব নালাগে
সোণাৰুৰ হালধীয়া.... ফাগুন ভাল পাওঁ বুলিয়েই মোৰ বাবে ৰচিবও নালাগে ফাগুনৰ
কবিতা....
মাথোঁ মোৰ শতিকাজোৰা অভিমানৰ ওৰণি
গুচাই গঢ়ি তুলিবাহি বিশ্বাসৰ সাঁকো....
(বুকুভৰা হুমুনিয়াহটো তুমি নুশুনা হ’লেই ভাল.... নহ’লেযে নিয়ৰকণা হৈ সৰি পৰিম মই
এটুপি দুটুপিকৈ....)
ইতি,
তোমাৰ
‘মই’
বি.দ্র. চিঠিৰ ঠিকনা সলোৱা দি সলাই নেপেলাবা হৃদয়ৰ ঠিকনা....
হৃদয়ৰ দুৱাৰ খুলি থোৱাই আছে.... তুমি যোৱা বাটে ফাগুনৰ সৰা পাতেও দি যাব মোৰ
হৃদয়ৰ ঠিকনা.... মন গ’লেই উজাই ল’ব পাৰিবা সেই চিনাকি সুৱাস....
আৰু মন্দাক্রান্তা হৈ ৰিমঝিমকৈ সৰি পৰিব
আৱেগবোৰ !!....