Pages

Thursday, March 29, 2012

চিঠি

ঠিকনা এনেয়ে দিয়া নাই
বানান ভুল হ
লেও কথা নাই
আনে নিচিনা আখৰকেইটিৰে
হৃদয়ৰ উমেৰে
এটি দুটিকৈ গঢ়া
 
মনৰ খৱৰবোৰ লিখি পঠিয়াবা
 
 

সাত সাগৰ তেৰ নদীৰ পৰিধি ভাঙি
এটি ক্ষণৰ বাবে হ
লেও
দুয়ো মিলি এক হ
ম...
তোমাৰ আবেগ ঢলা কথাৰে
পাৰ হ
ব আমাৰ
বহুতো মধুযামিনী প্রহৰ

তোমাৰ হাতৰ চিনাকী পৰশ আৰু
মৰহি যোৱা পাপৰিটিৰ সুৱাস
সাঁচি ৰাখিছোঁ মই---- গান্ধাৰীৰ দৰে !
হৃদয়ৰ জপনা খুলি থোৱাই আছে
মন গ
লেই বৰপেৰাৰ 
মুখ উদঙাই
উজাই ল
ব পাৰা
সেই চিনাকী সুৱাস...

বুকুভৰা হুমুনিয়াহটো
তুমি নুশুনা হ
লেই ভাল !
নহ
লে যে নিয়ৰ কণা হৈ সৰি পৰিম মই
এটুপি দুটুপিকৈ...

সকলো লিখিবা
ভাল-বেয়া সকলোবোৰ...
প্রেৰকৰ নাম নিদিলেও কথা নাই---
তোমাৰ হাতৰ নাচনী আখৰকেইটি
মোৰ দুচকুৰ অতিকে আপোন !
তুমি মাথোঁ
আবেগবোৰ লুকুৱাই নথ
বা
কিজানি মনৰ বতৰা আহে
হৃদয়ৰ পৰিধি ভাঙি !
ঊষা হ
ব মোৰো মন !!

আৰু
 
এবাৰ দুবাৰকৈ মই পঢ়ি যাম
পঢ়ি যাম তোমাৰ মনৰ খৱৰ
পঢ়ি যাম মই
হেঁপাহ নপলোৱালৈ...



Saturday, March 10, 2012

প্রাপ্তি




                                             (১)
            ভাল নালাগে তাইৰ এইবোৰ কিয় যে মাকজনীয়ে এনেখন কৰে ! সিহঁতৰ লগত খেলিবও নিদিয়ে থেনথেনাই উঠে তাই মাকে বুজাই বঢ়াই তাইক সৈমান কৰি থয় পুতলাজনীৰ দৰে সজাই তোলে তাইক মাকে জন্মৰ কেইমাহমান পাচৰ পৰা তিল তেল দি কিচকিচিয়া কৰি তোলা তাইৰ ঘন, দীঘল চুলিখিনি পৰিপাটীকৈ আঁচুৰি দুয়োফালে দুডাল বেণী গাঁঠি দিয়ে, উজ্জ্বল কলামণিৰ চকুদুটা কাজল সানি আৰু উজ্জ্বল কৰি দিয়ে মাকে আইতাকে কয় তাইক ছোৱালী মানুহ সদায় সাজি-কাঁচি ধুনীয়াজনী হৈ থাকিব লাগে” “এই আইতাজনীয়ে যে কি কয় এইবোৰ !তাই একো বুজি নাপায় আইতাকৰ কথা আইতাৰ কথা বুজি পাবলৈ আইতাৰ সমান ডাঙৰ হব লাগিব, ন মা ?”--- মাকলৈ তাইৰ এটি সৰল প্রশ্ন অবাক হৈ চাই ৰয় মাকে সাতবছৰীয়া ৰুণিলৈ মাকৰ ভয় কি যে হব এই ছোৱালীজনীৰ ! এনে অদ্ভুত কথা কৈ হাহাকাৰ কৰি মাৰিব কেতিয়াবাঅৱশ্যে তাই মাকৰ পৰা উত্তৰ পোৱাৰ আশাত ইমান পৰ তাত ৰৈ নাথাকে কেতিয়াও

            
কিয় যে মাজনী এনেকুৱা ! একোৱেই নাজানে পাই ! সব কথা আইতাইহে জানেমনতে পাগুলি থকা কথাবোৰ হঠাৎ যেন ডিঙিৰ কাষত পাক-ঘূৰণি খাই ওলাই আহে মা, তই আইতাক সুধি সুধি সব কৰ যে, কিয় ?” অৱশ্যে তেতিয়াও ৰুণি ৰৈ নাথাকে মাকৰ ওচৰত উত্তৰৰ আশাত মাকৰ ভয়, হাজাৰ হলেও তাই ছোৱালী মানুহ ছোৱালী মানুহৰ ইমান প্রশ্ন কৰাৰ কোনো দৰকাৰ নাই কিন্তু ৰুণি ? তাইৰ মনত কৰ কৰ পৰা যে হাজাৰ হাজাৰ প্রশ্ন জমা হয় ভগৱানেহে জানে ৰাতিপুৱা চকু মেলাৰ পৰা ৰাতি টোপনি অহালৈ কত-কিমান প্রশ্ন ! উত্তৰ দিওতাৰ উত্তৰ দি দি ভাগৰ লাগে, কিন্তু তাইহে ভাগৰি নপৰে কেতিয়াও , আৰু কিমান কথা কৈ থাক, শুবিনে এতিয়া ?”--- বুলি প্রতি নিশাই মাকৰ ধমক খোৱাটো তাইৰ এটা নিত্যকর্ম হৈ পৰিছে

            
মা, তই মোক কিয় ধনটি-কণটিহঁতৰ লগত খেলিব নিদিয় ?” বুলি কৈ দৌৰি পলাবলৈ লওতে মাকে থাপ মাৰি ধৰে তাইক
            সিহঁত আমাৰ গাঁৱৰ পুৰোহিতৰ ঘৰৰ লৰা একো দৰকাৰ নাই, সিহঁতৰ লগত খেলিবলৈ
            তাতে কি হলনো?”
            উস্ আকৌ প্রশ্ন? নালাগে বুলি কৈছোঁ নহয় যা ভিতৰতে তই দৰা-কইনা খেলগৈ
       
         “
বেছি কৰে মায়ে খেলিবলৈয়ো যাব নিদিয়ে”----মুখখন ফুলাই ভোৰভোৰাই ভোৰভোৰাই আহি তাইৰ খেলনাবোৰ উলিয়াই লয় ইফালে ঠাইতে বহি পৰে মাক কেনেকৈনো বুজাব তাইক পুৰোহিতহঁত উচ্চ বংশৰ মানু্হ আৰু তেওঁলোক নিম্ন বংশজাত বুলি কিনো বুজি পাব আঁকৰী ছোৱালীজনীয়ে বুজি পাবলৈ বয়সেইনো হৈছে কি! তপত হুমুনিয়াহ এটা বাগৰি যায় মাকৰ
            ভালকৈ মনত আছে মাকৰ, ৰুণিৰ বয়স তেতিয়া মাত্র ডেৰ বছৰ বতৰে বাগৰ সলোৱাৰ বতৰ আছিল সেয়া বেলি লহিয়ালে অলপ ঠাণ্ডা অনুভৱ হয় সন্ধিয়া পৰত ৰুণিক কোলাত লৈ নিচুকাই আছিল তেওঁ তেনেতে কৰ পৰা জানো দৌৰি আহি তেওঁৰ কাষ পালে পুৰোহিতৰ চাৰিবছৰীয়া পুতেক কণটি আৰু তাৰ পাচে পাচে তাৰ মাক, পুৰোহিতনী হৰি বিষ্টু হৰি বিষ্টুবুলি তেওঁ যিটোহে চিঞৰ লগালে টোপনি যোৱা ৰুণি সাৰ পাই কান্দিবলৈ ধৰিলে ঐ মৰাটু, ৰবাক লোগি জাগা নাপলি আৰ ! এইঘৰহে মানহু বিচৰি পালি তই শেষ শেষ, সব শেষ ইতা ঘৰক যাই গা ধুবা লাগবো, তোৰ লগতে ময়ো পৰাচিত হবা লাগবএইবুলি কাণত ধৰি লৰাটোক টানি লৈ গৰ পৰা কি হল ৰুণিৰ মাকে একো তৎ ধৰিব নোৱাৰিলে পিচদিনা শুনিলে কণটিৰ তয়াময়া জ্বৰ পুৰোহিতনীৰ ৰুণিহঁতৰ সাত পুৰুষ উজাৰি পৰা গালি-শপনি শুনি, খৱৰ লবলৈ গৈয়ো আদ্-বাটৰ পৰা ঘূৰি আহিল ৰুণিৰ মাক  তেওঁৰ আৰু বুজিবলৈ বাকী নাথাকিল সেইদিনাই শপত খাইছে তেওঁ, নালাগে তেওঁলোকৰ বাবে কাৰো লৰা-ছোৱালীৰ জ্বৰ হবলৈ যিমান পাৰি দূৰে দূৰে থকাই শ্রেয় সেয়ে ৰুণিক তেওঁ কেতিয়াও নপঠিয়াই সিহঁতৰ ওচৰলৈ কিন্তু ছোৱালীজনী ? তাইৰহে অতবোৰ প্রশ্ন আৰু উজ্জ্বল চকুহালৰ মুখামুখি হবলৈ মাকৰ বৰ কষ্ট হয়

                                            (
২)

            
ৰুণিয়ে আজি আইকণহঁতে কৈ থকা শুনিছে আজি হেনো কণটিহঁতৰ ঘৰত গোপাল-ভোগ খুৱাব কণটিহঁতে আজি সন্ধিয়া চাকি-ধূপ জ্বলাই প্রার্থনা, নাম-প্রসংগও দুশাৰীমান গাব হেনো ! নাম গোৱাত তায়োতো কম নহয় আইতাকৰ লগত গোপাল থানলৈ গৈ তায়ো নামতীহঁতৰ লগত সমানে সমানে নাম গায় আটাইবোৰ পদ-ঘোষা মনত আছে তাইৰ

               “
জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি
               ও ৰাম ৰাম কেশৱ হৰি
               প্রথমে প্রণামো ব্রহ্মৰূপী সনাতন
               সর্ব অৱতাৰৰ কাৰণ নাৰায়ণ।...

মনতে এবাৰ আওৰাই লয় তাই
মাকক তাই নোসোধে মাকে আকৌ আইতাককহে সুধিবলৈ ক ইফালে আইতাকক সুধিবলৈ আইতাকো ঘৰত নাই মনতে থিৰাং কৰে যিয়েই নহওক, যেনেকৈ নহওক আজি আইকণহঁতৰ লগতে কণটিহঁতৰ ঘৰলৈ এপাক যাবই তাই

                                             (
৩)

            
সন্ধিয়া বেলিকা আইকণহঁতৰ লগত ৰুণিও গৈ উপস্থিত হল পুৰোহিতহঁতৰ ঘৰৰ চোতালত পুৰোহিতনী আই ঠগী সজোৱাত ব্যস্ত পুৰোহিত দেউক দেখা নাই ধনটি আৰু কণটিয়ে সমনীয়াহঁতক বহিবলৈ ঢাৰি পাৰি দি গৈছে ইফালে সিফালে চাই টুপুককৈ বহি ললে তাই ঢাৰি এখনত ঠগী সজোৱা হোৱাৰ পাচতে নাম আৰম্ভ হৈ গ এটাৰ পাচত এটাকৈ সলসলীয়াকৈ নামবোৰ গাই গল তাই ঠগীত সেৱা এটি কৰি নাম গোৱা কণমানি ভকতৰ দলটিলৈ পায়স ৰান্ধিবলৈ পুৰোহিতনী আখলত সোমাল ৷ গোৱৰ-মাটিৰে লেপি সূচী কৰি থোৱা চৌকাত জুইকুৰা ধৰি গাখীৰ আৰু জহা চাউল বহাই দি বাহিৰৰ নাম-প্ৰসংগ শুনি লাহে লাহে লৰাই থাকিল তেওঁ ৷ মিচিকিয়াই হাঁহি থকা থাপনাৰ লাৰুৱা গোপালৰ ছৱিখন আখলৰ পৰাও দেখা গৈছে এক সুবিমল প্রশান্তিত পুৰোহিতনীৰ বুকুখন ভৰি উঠিল অজানিতে হাত দুখন লগ হৈ তেওঁৰ কপালৰ সোঁমাজলৈ উঠি আহিল মাজতে এপাকত উঠি গৈ তেল শেষ হবলৈ ধৰা থাপনাৰ চাকিগছত তেল এচাকি বাকি থৈ আহিল তেওঁ ৷ নামৰ শেষত ৰুণিয়ে আপোনমনে চকু মুদি প্রার্থনা গাবলৈ ধৰিলে :

               “
ব্রহ্মা আদি কৰি জীৱ যত        ৰাম ৰাম ৰাম ৰাম ৰাম
                           মায়াশয্যা মাজে আছয় ঘুমটি যাই
               তুমিসে চৈতন্য সনাতন         ৰাম ৰাম ৰাম ৰাম ৰাম
                          আমি অচেতন নিয়োক নাথ জগাই
               ক্ষুদ্র সুখে বহু আশা কৰি         ভৱকূপে জীৱ আছে পৰি
                          কালসর্পে দংশি হৰিল চেতন তাৰ...

------
নাম শেষ হোৱালৈ সন্ধিয়া লাগি ভাগিল

            
ইফালে ঘৰত জীয়েকক নেদেখি ৰুণিৰ মাকৰ অণ্ঠ-কণ্ঠ শুকাই গ খবৰ লৈ গম পালে আইকণো ঘৰত নাই।

           
নাম শেষ হ হঠাৎ ৰুণিয়ে আইতাকহঁতে নামঘৰত দিয়াৰ দৰে হৰিধ্বনি দিবলৈ ললে হৰিধ্বনি শুনি বতাহ এচাটিৰ দৰে বনফুল তেলৰ উগ্র সুৱাস এটি লৈ উৰি অহা দি আহি পুৰোহিতনী চোতালত উবুৰি খাই পৰিল একো বুজি নাপালে তাই মাথোঁ তাইৰ কাজল সনা উজ্জ্বল ধুনীয়া চকুযুৰিত লাজৰ ভাৱ এটাই ঢৌ খেলি গ পুৰোহিতনীয়ে কলে দি আই দি, কুনি হৈধ্বেনি দি আছলি, দি আৰু একবাৰগৌৰৱত তাইৰ সাতবছৰীয়া এধানিমান কলিজাটো ফুলি উঠিল হিয়া উজাৰি আশীর্বাদ দিলে তাই


            
সেৱা লোৱা হোৱাৰ লগে লগে চোতালৰ এমূৰে নীচ জাতৰ মানুহজনী দেখি  বিতৃষ্ণাত মুখখন কোচ খাই আহিল পুৰোহিতনীৰ মানুহজনীৰ দৃষ্টি অনুসৰণ কৰাত মুহূর্ততে যেন তেওঁৰ সকলো কথা পৰিষ্কাৰ হৈ পৰিল তাৰমানে? তাৰমানে ইমান পৰে নাম গাই থকা, হৰি-ধ্বনি দি থকা ছোৱালীজনী সেই নীচ জাতৰ মানুহজনীৰ জীয়েক? ঠাঁচকৈ পূর্ণহতীয়া চৰ এপাতহে পৰিল যেন পুৰোহিতনীৰ গালত আখলত পায়সখিনি বকবককৈ উতলি আছে থাপনাৰ লাৰুৱা গোপালেও পুৰোহিতনীৰ ফালে চাই অলপ আগতে মৰা সেই মন ভুলোৱা হাঁহিটো বন্ধ কৰি যেন তীক্ষ্ণ বিদ্রুপৰহে হাঁহি এটা মাৰিছে কণমানি ভকতসকলৰ বাবে পৰমান্ন সিজাবলৈ দি থৈ অহা আখলৰ চৌকাত নহয় যেন পুৰোহিতনীৰ দুচকুতহে জ্বলিছে পকা আঙঠাবোৰ ৰুণিৰ মাকৰ দুচকুতো মদাৰ ফুলীয়া জুই জ্বলিছে দুয়োৰে দৃষ্টি ৰুণিৰ ওপৰত নিৱদ্ধ আৰু ৰুণি? দেৱশিশুলৈ পৰিণত হৈছে তাই এইবোৰলৈ ভ্রূক্ষেপ নাই কিছু বেলি আগতে পুৰোহিতনীয়ে তেল ঢালি থৈ যোৱা থাপনাৰ চাকিগছৰ উজ্জ্বল হালধীয়া পোহৰত তাইৰ মুখত জলমলাই আছে প্রাপ্তিৰ প্রশান্তি



© Mitali Barman

Wednesday, March 7, 2012

ফাগুনী



কোনেও নজনা বিশ্বাসৰ কথা কিছুমান
মোক ক'বিনে ফাগুনী
তোৰ স'তে আছে যে মোৰ অন্তৰংগতা 

'বিনে ফাগুনী, সেমেকা সুৱাসৰ তোৰ
নিৰ্জন ঘৰত কাৰোবাৰ ফুলবছা হাঁহিয়ে
প্ৰতিধ্বনি তোলেনে ? তোৰ বাৰু বাওঁচকু কঁপেনে ?
তোৰ আঁচলৰ ঢৌত উঠা-নমা কৰেনে
কাৰোবাৰ হৃদপিণ্ড ? তই বাৰু শিৱ-মন্দিৰলৈ যাৱনে,
যোৰ শালিকা চাৱনে ?
মৌন ৰাতিত তয়ো বাৰু গাৰুত মূৰ থৈ
উচুপি উঠ নেকি ? অথচ কাঠচিতীয়া দিনতো তই
কৰ যে পৃথিৱী পোহৰ ৷

'বিনে ফাগুনী, ঘুনুচা-কীৰ্তনত তই
কাৰ ভাও লৈছিলি ? ছটিয়াইছিল নে
কোনোবাই তোৰ গালৈও ৰঙা ফাকুগুৰি ?
দুগালত ৰঙা আৱিৰ ঘঁহি সাৰ পাৱনে
শেষৰাতি ? সযতনে সাঁচি থ তই
কনক-ধতুৰাৰ ৰাগী ৷

' ফাগুনী, লুইতৰ বন্যা মাতি নানিবি তই ;
মেলি থোৱা চুলিটাৰি বান্ধি সজাই দে
বতৰৰ ফুল, কাজলেৰে গভীৰ কৰি ল দুচকু ৷
হয়তো, পচোৱাত উপঙি থকাজনে
তাতেই বিচাৰি পাব
এডৰা ডাঠ সেউজীয়া ঘাঁহনি...
____________________
(১০ মার্চ, ২০০৩, "দৈনিক অগ্রদূত"ত প্রকাশিত)

Sunday, March 4, 2012

হাত


এখন হাতৰ মুঠিত আনখন হাত
আঙুলিৰ ফাঁকে ফাঁকে খাজ খাই পৰে আঙুলি
বিশ্বাস
স্বস্তি
নিৰাপত্তাৰ আৱৰণৰ ভাঁজে ভাঁজে
এমুঠি প্রতিশ্রুতি...

মৌন-মুখৰ প্রতিটো প্রহৰতে
বর্ণময় হৃদয়ৰ ৰামধেনু !
এখন হাতে মেলি দিয়ে মমতাময়ী আঁচল
আনখন হাতে আকোৱালি লয়
প্রতিটো নিৰাভৰণ প্রহৰ...

সময়ে টানি লয় এহতীয়া ওৰণি
সন্ধান--- আশ্রয়...
কুৰুকি কুৰুকি কাষ চাপে এখন হাত আনখনৰ

জীৱনৰ খলাবমাতো
দিশহাৰা নদীয়ে
গতি পায় ।
চাকনৈয়া আঁতৰি যায়...

উন্মনা ফাগুনৰ সন্ধিয়া !

জোন গলা ফাগুনৰ নিশাত
এখন হাত শুই পৰে
আনখন হাতৰ মুঠিত
সেউজীয়া হৈ পৰে জোনাক !

এখন হাতৰ শূন্যতাত
আনখন হাতৰ আইতাৰ সাধুৱে
জিৰণি লয়
ভাকুট-কুটাই যায় সপোনবোৰে...

শিশু হৈ পৰে দুখন হাত
বালিভাত ৰান্ধে
বালিঘৰ সাজে
আৰু
তেনেকৈয়ে ঘুমটি যায়...

Saturday, March 3, 2012

তোমালৈ...

তোমালৈ...


                   কোৱাতো নাছিলোঁ কাহানিও তোমাক মোৰ বাবে তাজমহল সাজিবলৈ... অমোৰ শ্বাহজাহান ! হৃদয়খনেই বিচাৰিছিলোঁ, সময়ৰ এলান্ধু গুচাবলৈ... দৰিকণা মাছ ধৰা দিনবোৰলৈ ঘূৰি যাবলৈ বিচাৰিছিলোঁ... সপোনবোৰ খেপিয়াই চাইছিলোঁ... গান্ধাৰীৰ দৰে তোমাৰ হাতত ধৰিয়েই পাৰ হৈছিলোঁ---- এখন নীলা নদী...
                   সময়ৰ গাত এলান্ধুৰ চামনি...!

                   শ্বাহজাহান মোৰ... মোৰ বাবে তুমি তাজমহল নাসাজিলেও হব... ভুলতে হলেও এবাৰ হৃদয়খনকেই দি চাবাচোন ! একো চিন্তা নকৰিবা, বৰ আদৰেৰে আপদাল কৰিম তাক... কেতিয়াবা মোৰ যে তোমাৰ কাৰণেই চিন্তা হয় জানা ! কত বা হৃদয়খন টুকুৰা-টুকুৰ কৰি থৈ আহা !!

                   ঠিক্ ঠিক্ ঠিক্ !!!

                   
চোৱা মই মিছা কোৱা নাই... বেৰত বগাই ফুৰা জেঠিটোৱেও বুজিছে... তুমিহে জানো বুজিবা নে নাই...!!

পুনঃ --- তুমিতো জানাই ফাগুন মই বৰ ভাল পাওঁ । চাওঁতে চাওঁতে আকৌ ফাগুন পালেহি । মোৰ প্রিয় ফাগুন । ফাগুনৰ সোণাৰু
, ফাগুনৰ পচোৱা, ফাগুনৰ সৰাপাত, ফাগুনৰ ৰং, ফাগুনৰ উৎসৱ... হেঙুল-হাইতাল হৈ উমলিব মোৰ মনৰ পদূলিত...

Friday, February 10, 2012

সমাধি

এটি সপোনৰ সমাধিত
ধুমুহা আনে কোনে----
এখন আকাশে! 
    


                       
এটি কবিতাৰ সমাধিত
কান্দে কোনে----
অনামী অনুৰাগে!!


এখন হৃদয়ৰ সমাধিত
উচুপে কোনে----
তোমাৰ মৰমে
আৰু
কৃষ্ণচূড়াৰ আল্পনা অঁকা বাটত
গধূলিগোপাল ফুলে!!

-------------------



Thursday, February 2, 2012

অপেক্ষা

                           

            বাৰান্দাত হেলনীয়া চকীখনত বহি বহি ডুব যাবলৈ ধৰা বেলিটো দেখি আনমনা হৈ পৰিল তাই । বেলিটোৰ শেষ পোহৰকণৰ বিচ্যুৰণ হৈ তাইৰ বগা মুখখনো সেন্দুৰ বৰণীয়া হৈ পৰিছে । অতি উজ্জ্বল পোহৰ, ৰঙা পোহৰ, সন্ধিয়াৰ পোহৰ । লাহে লাহে সেন্দুৰীয়া আভা কমি গৈ আন্ধাৰ হৈ আহিল তাইৰ চকুৰ সমুখতে । কিমান সময়ৰ পৰা যে তাত তেনেকৈ বহি আছিল তাইৰ মনত নাই । হঠাৎ মাকৰ মাতত তাইৰ সম্বিত ঘূৰি আহিল ।

            বাৰান্দাৰ পৰা উঠি আহি সন্ধিয়াৰ চাকিগছ জ্বলাই চেতাঁৰখনত আঙুলি ফুৰাই নিলে গীতিমালিকাই । গীতিমালিকা দত্ত বুলি কলে চিনি নোপোৱা মানুহ খুব কমেই ওলাব । সাহিত্যৰ ছাত্রী গীতিমালিকাই ওচৰৰ মহাবিদ্যালয়খনত সোমোৱা এবছৰো হোৱা নাই । ছাত্র-ছাত্রী আৰু সহকর্মীবোৰৰ মাজত জনপ্রিয় হবলৈ তাইৰ বেছি দিন নালাগিল, যিদৰে লগা নাছিল তাই পঢ়া বিশ্ববিদ্যালয়ত । অসমীয়া সাহিত্যত প্রথম শ্রেণী লাভ কৰি বিশ্ববিদ্যালয়ত নাম লগাইছিল যদিও পাচলৈ তাইক সকলোৱে চেতাঁৰ বজাই গান গোৱা ছোৱালীজনী বুলিহে চিনি পাইছিল । সেই বিশ্ববিদ্যালয়ৰ দিনবোৰৰ পৰাই চেতাঁৰখন তাইৰ সুখ-দুখ সকলো মুহূর্তৰে সংগী । কিন্তু আজি হঠাৎ কি হৈছে তাইৰ ! এটাও ৰাগ ভালকৈ তুলিব পৰা নাই কিয় ! ইমান অস্থিৰ হৈ পৰিছেনে তাই ! বাৰে বাৰে কিয় জানোঁ ডুব যোৱা বেলিটোৰ আকাশখন মনলৈ আহি আছে ! চেতাঁৰখন থৈ আকৌ বাৰান্দাৰ হেলনীয়া চকীখনত বহি তাই গুণগুণাবলৈ ধৰিলে,

                   মোৰ বুকুত এজোপা গোলাপ
                    কোনে ৰুলে কোনে ৰুলে
                    এন্ধাৰে এন্ধাৰে
                    এটি জোনাকী উৰি আহি
                    মোৰ বুকুত শুলে
                    তোমাৰ কথা ভাবিলে আকাশত নিৰলে
                    এটি তৰা ফুল ফুলে...

            ঠিকেইতো, আজিতো অনুৰাগ আহি পোৱাৰ কথা ! গীতিমালিকাৰ মৰমৰ অনুৰাগ ! অনুৰাগেইতো তাইৰ বুকুত ৰুই দিছিল এজোপা গোলাপ ! এন্ধাৰ নিশাৰ জোনাকী হৈয়েইতো পোহৰ দেখুৱাইছিল তেওঁ ! বিশ্ববিদ্যালয়ৰ সোণাৰুবুলীয়া দিনবোৰতে এই অচিনাকী লৰাজনে চিনাকী হৈ আগবঢ়াইছিল বন্ধুত্বৰ হাত । তেওঁ ৰোৱা বন্ধুত্বৰ শিপাডালেই প্রগাঢ় হৈ এজোপা গোলাপৰ ৰূপ ললে তাইৰ বুকুৰ মাজত । গোলাপজোপাৰ পৰশত তাই পাহৰি পেলায় পোৱা-নোপোৱাৰ আলেখ্য... সৰুৰে পৰা যোগ অংক শুদ্ধকৈ কৰিলেও বিয়োগৰ হিচাপত খেলিমেলি কৰা গীতিমালিকাই খেলিমেলি কৰি যায় জীৱনৰ পাটীগণিতৰ হিচাপ নিকাচ ! সেয়ে তাই নিচিন্তে এৰি দিছে তাইৰ জীৱনৰ সৰল-জটিল সকলোবোৰ অংক অনুৰাগৰ ওপৰত । এতিয়া তাই মাথোঁ সাহিত্য পঢ়িব, কবিতা লিখিব, গান গাব আৰু তাইৰ বুকুত ফুলি উঠা গোলাপজোপাৰ আপডাল কৰিব । উদং দুভৰিৰে লুইতৰ পানীত খেলি অনামিকা আঙুলিৰ সোণৰ আঙুঠিটো ঘূৰাই ঘূৰাই তাই এই সকলোবোৰ কৈছিল অনুৰাগক, শুক্লেশ্বৰ ঘাটৰ সন্ধিয়াত । সেই সন্ধিয়াতে অনুৰাগৰ তপত ওঁঠৰ পৰশ তাইৰ কপালত লাগিছিল । মিচিকিয়া হাঁহিৰে তাইৰ দুগালৰ টোলদুটা গভীৰ কৰি কুচি-মুচি অনুৰাগৰ চেক দিয়া চোলাত মুখ লুকুৱাই গীতিমালিকাই বিচাৰি ফুৰিছিল তাইৰ বুকুৰ গোলাপজোপাৰ শিপা... সেইদিনাও উভতি আহি নিশা বাৰান্দাৰ হেলনীয়া চকীখনত বহি তাই গুণগুণাইছিল----
                   তোমাৰ কথা ভাবিলে অকলে অকলে
                    তৰাই তৰাই কথা পাতে গোলাপৰ পাহে পাহে
                    জোনাকীৰ জাক জ্বলে মোৰ তেজৰ কোঁহে কোঁহে
                    এন্ধাৰে এন্ধাৰে
                    এটি জোনাকী উৰি আহি
                    মোৰ বুকুত শুলে...

            তথাপি কিয় আজি এই অস্থিৰতা ! বিয়ালৈ আৰু মাথোঁ কেইটামান মাহ বাকী । বহাগতে মাহ-হালধিৰ গোন্ধে উপচাই পেলাবহি তাইৰ বুকুৰ গোলাপজোপা । হোমৰ জুইৰ ৰঙা শিখাই বান্ধি পেলাব তাইক কিছুমান নতুন শব্দৰে...! ৰঙা জুইকুৰাৰ পোহৰত গীতিমালিকাৰ কপালত দগমগাই উজলি থাকিব ৰঙা বেলি আৰু কাজলসনা দুচকুত উমলি থাকিব সপোনবোৰ... পুৰোহিতৰ মন্ত্রৰ মাজতে অনুৰাগে সানি দিব এজেবা ৰঙা সেন্দুৰ তাইৰ শিৰত... গোলাপজোপাৰ শিপা আৰু মজবুত হব ! তৰাবচা আকাশৰ তলত অনুৰাগৰ আব্দাৰত তাই জোকাৰি দিব গোলাপজোপা । সুৱাসত মতলীয়া হব তৰাবচা নিশা । বাহিৰৰ পৃথিৱীখন শুই পৰিলেও সেই নিশাবোৰত তাইৰ ভয় নালাগিব । তাইৰ পৃথিৱী যে তাইৰ লগত... আকৌ তাই গুণগুণাই গাব অনুৰাগৰ প্রিয় গীতৰ কলি----

                    মোৰ বুকুত এজোপা গোলাপ
                    কোনে ৰুলে কোনে ৰুলে
                    তেজত এটোপাল আতৰ ঢালি
                    হৃদয় কোনে চুলে...

            হঠাৎ দেৱাল ঘড়ীটোৱে তাইৰ চিন্তাত খেলিমেলি লগাই যেন চিৎকাৰ কৰি উঠিল । টং টং কৈ সাতটা কোব মাৰিলে । অসহ্য লাগিল তাইৰ । প্রতিটো কোবেই হাতুৰীৰ কোব যেন লাগিল গীতিমালিকাৰ । উঠি আহি তাই আয়নাৰ সমুখত বহি নিজকে চালে এবাৰ । ইমান উকা উকা, উদাস উদাস লাগিছে তাইক নিজক ! অলপ পাচতে অনুৰাগ আহি পোৱাৰ কথা । কাজল অলপ সানি উজ্জ্বল কৰি ললে তাইৰ দুচকু । দীঘল চুলিখিনি আঁচুৰি ঠিক-ঠাক কৰি ললে । মাকে প্রায়েই তাইক কয়, ফোঁট অবিহনে নাৰীৰ শৃংগাৰ সম্পূর্ণ নহয় । সেয়ে আজিও মাকে কিবা কোৱাৰ আগতেই তাই কপালত পিন্ধি ললে এটি সৰু ৰঙা ৰঙৰ টিপ ফোঁট । এতিয়া তাই সাজু অনুৰাগক আদৰিবলৈ । ট্রেইনত উঠিয়েই ফোন কৰিছিল অনুৰাগে । ইমান পৰে হয়তো ষ্টেচন আহি পালেহি তেওঁ মনতে ভাবিলে গীতিমালিকাই । আয়নাৰ মুখৰ আগৰ পৰা উঠি আহি আকৌ বাৰান্দা পালেহি গীতিমালিকাই । ত আছা বুলি সুধিবলৈ এতিয়া দেখোন অনুৰাগৰ ফোনত নেটৱর্কো নাই । সঁচাকৈয়ে নেটৱর্ক নাই নে নিজেই কিবা বদমাচি কৰি নেটৱর্ক নাইকিয়া কৰি থৈছে কি ঠিক ! যোৱাবাৰো যে কাকোৱেই একো আগজাননী নিদিয়াকৈ আহি তাইক বিচাৰি চিধাই উপস্থিত হৈছিল তাইৰ কলেজৰ শ্রেণীকোঠাৰ বাৰান্দাত, গোটেই কলেজখনৰ আগত তাই কম লাজ পাইছিলনে ! সিদিনা আৰু গীতিমালিকাৰ ক্লাচ লোৱা নহল । তাৰ পাচৰ কেইবাদিনো তাইৰ এনে লাগিছিল যেন তাই ওচৰেৰে পাৰ হৈ গলেই সকলোৱে তাইৰ আদ্-বলীয়া প্রেমিকজনৰ কথা কৈ মুখ টিপি হাঁহি আছে । সহকর্মী ৰুণুমী বাইদেৱে তাইক জোকাইছিল গীতিমালিকা, সোনকালে বিয়াখন পাতা । লাজত তাইৰ গাল ৰঙা পৰি উঠিছিল আৰু বুকুৰ গোলাপজোপায়ো যেন ব্যস্তভাৱে লৰচৰ কৰি উঠিছিল । অভিমান কৰি গীতিমালিকাই কথাবোৰ অনুৰাগক কৈছিল । টোল পৰি যোৱা তাইৰ গালখনলৈ চাই চাই অনুৰাগে কৈছিল এয়াইতো চাৰপ্রাইজ । কথাটো মনত পৰি হাঁহি উঠি গল তাইৰ । আজি বা আকৌ কি চাৰপ্রাইজ দিয়াৰ মন ! গালৰ টোল দুটা গভীৰ হৈ পৰিল... ঘড়ীটোৱেও এখোজ আগুৱাই গৈ আঠৰ ডেওনা চুলে... ৰৈ ৰৈ আমনি লাগি আহিল গীতিমালিকাৰ ! বাটেৰে পাৰ হৈ যোৱা কোনো বাটৰুৱাৰ মোবাইল এফ.এম.ত বাজি গল এটি গীতৰ কলি----

                    অপেক্ষাবোৰ কিমান মধুৰ বুজি কিয় নোপাৱা
                    প্রতিটো প্রহৰ ভাৱেৰে গধুৰ অবুজ কিয় হোৱা
                    সৌ নীড়মুখী পখীৰ সুৰ নিৰৱ হৈ গ
                    সন্ধ্যাৰ আকাশ আন্ধাৰে চুমি বেদনা গধুৰ কৰি গল...

            ভাল নালাগিল তাইৰ । বাৰান্দাৰ পৰা আহি টি.ভি.টো অন কৰি দিলে গীতিমালিকাই । চেনেলবোৰ ঘূৰাই থাকোঁতে এঠাইত লাগি ধৰিলে তাইৰ হাতত থকা ৰিমোটকণ্ট্রলৰ বুতাম । নিউজ চেনেল এটাত সাংবাদিক এজনে খুব উৎকণ্ঠাৰে কিবা এটা বাতৰি কৈ আছে । এহ্ ইহঁতসোপাই কিনো চিঞৰ-বাখৰ কৰি বাতৰিবোৰ কয়, মিছাতে ভাল মানুহকো হার্ট এটেক দিব কেতিয়াবা । টি.ভি.টোতো আজিকালি চাবলগীয়া একো নোহোৱা হল। বুলি পাচফালৰ পৰা মাকে মাত দিলে । কিছুপৰ পাচত এক অষ্ফুট গেঙনি ওলাই আহিল গীতিমালিকাৰ । হাতৰ পৰা সৰি পৰিল টি.ভি.ৰ ৰিমোটকণ্ট্রল ! বিকল হৈ গৈছে যেন তাইৰ চকু আৰু কাণ, বন্ধ হৈ গৈছে যেন হৃদস্পন্দন... তাইৰ সকলো সপোন ধুলিস্যাৎ কৰি সাংবাদিকজনে নির্মমভাৱে কৈ আছে সেই সর্বনাশীয়া সংবাদটো আঠগাঁৱৰ ৰেল দুর্ঘটনাত যুৱকৰ মৃত্যু । মৃত যুৱকজনক অনুৰাগ কাকতি বুলি চিনাক্ত কৰা হৈছে । উল্লেখযোগ্য যে ভোগালি বিহু উপভোগ কৰিবলৈ আহি চলন্ত ৰেলৰ পৰা পিচলি এই কৰুণ মূত্যুক সাৱতি ললে অনুৰাগ কাকতিয়ে... উস্ উস্ আৰু শুনা নাযায়... তাইৰ বুকুৰ গোলাপজোপা... এন্ধাৰ নিশাৰ জোনাকী পৰুৱা... শুক্লেশ্বৰ ঘাটৰ সন্ধিয়া... হোমৰ শিখাৰে বন্ধা শব্দবোৰ... তাইৰ তৰা বচা আকাশ... তাইৰ পৃথিৱী... তাচপাতৰ ঘৰৰ দৰে জৰজৰকৈ জহি খহি গল সপোনবোৰ... গোলাপজোপাই বিদ্রোহ কৰিছে, হাহাকাৰ কৰিছে শিপা ক, শিপা কত ! কি কৰিব তাই, কেনে লাগিছে তাইৰ ! খং উঠিছে ? অভিমান হৈছে ? ক্ষোভ উজাৰিবলৈ মন গৈছে ?... টান মাৰি চিঙি পেলাবলৈ মন গৈছে দুৱাৰমুখৰ পর্দা ?... ঠাঁচ ঠাঁচকৈ দুটা পূর্ণহতীয়া দিবলৈ মন গৈছে সাংবাদিকজনক ?... কি হৈছে তাইৰ !! ঠাইতে ঢলি পৰিল গীতিমালিকা ।

তেনেতে দূৰৈত আকৌ কৰবাত বাজি উঠিছে----

                    মাথোঁ তুমি নাপালাহি প্রতিশ্রুতি কত ৰ
                    সন্ধ্যাৰ আকাশ আন্ধাৰে চুমি বেদনা গধুৰ কৰি গল...

(
গল্পটোত ব্যৱহৃত গীতাংশৰ বাবে গীতিকাৰদ্বয়লৈ কৃতজ্ঞতাৰ শৰাই অর্পণ কৰিলোঁ)

© Mitali Barman